সংবাদ বিজ্ঞপ্তি
তাৰিখ: ০৯.০৫.২০২০
যোৱা ৮ মে' ২০২০ তাৰিখে গুৱাহাটীৰ বন সংমণ্ডল প্ৰাধিকাৰীয়ে আমচাং অভয়াৰণ্যৰ মাটিত বাস কৰা সকলক ১৫ দিনৰ ভিতৰত বনাঞ্চলটোৰ মাটি মুকলি কৰিবলৈ জাননী জাৰি কৰিছে। যি সময়ত মানুহৰ খাদ্যৰ অভাৱ হৈছে, থাকিবলৈ ঘৰ নোহোৱা হৈছে, মানুহে ধন উপাৰ্জন কৰিব পৰা নাই, সেই সময়ত সেই ঠাইত বসবাস কৰা সকলক গৃহহীন কৰিব খোজা এই জাননীৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতৰ প্ৰগতিশীল ছাত্ৰ ফেডাৰেছনে।
ইয়াৰ পৰা এটা কথা পুনৰ স্পষ্ট হয় যে এই চৰকাৰখনে কেৱল পুঁজিপতি সকলৰ পক্ষে মাত মাতে, কেৱল পুঁজিপতি সকলক ব্যক্তিগত মুনাফাৰ বাবে হে ভূমি প্ৰদান কৰে। ৰাইজে নিৰ্বাচিত কৰা চৰকাৰখনে যদি সেই ৰাইজকেই বাসস্থান দিব নোৱাৰে, তেওঁলোকক গৃহহীন কৰে, সেই চৰকাৰ শাসনত থকাৰ যোগ্য নহয়। ভাৰতৰ প্ৰগতিশীল ছাত্ৰ ফেডাৰেছনে এই সিদ্ধান্ত নাকচ কৰিবলৈ দাবী জনাইছে।
সকলোৰে বাবে বাসস্থান নিশ্চিত কৰাটো এখন গণতান্ত্ৰিক চৰকাৰৰ দায়িত্ব। এইদৰে মানুহক গৃহহীন কৰাটো অমানৱীয়। যদি সেই সকল মানুহে বেআইনীভাৱে মাটি দখল কৰি আছে, পৰিস্থিতি নিয়ন্ত্ৰনলৈ অহাৰ পিছত চৰকাৰে তেওঁলোকক বাসস্থান প্ৰদান কৰক। আমচাং অভয়াৰণ্যৰ মাটি বেদখল কৰি বসবাস কৰি থকা সকলক উচ্ছেদ কৰাৰ আগতে চৰকাৰে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰক।
মুখ্য আহ্বায়ক
ভাৰতৰ প্ৰগতিশীল ছাত্ৰ ফেডাৰেছন (PSFI)
No comments:
Post a Comment